Skip to main content

Posts

মহাদেৱৰ প্ৰিয় শাওন মাহ! কিদৰে পালন কৰিব লাগিব ?

  মহাদেৱৰ প্ৰিয় শাওন মাহ! কিদৰে পালন কৰিব লাগিব ? আৰম্ভ হৈছে শাওণ মাহ হিন্দু ধৰ্ম অনুসৰি শাওন মাহক অতি পবিত্ৰ বুলি মনা হয়। এই মাহক মহাদেৱ শিৱৰ মাহ বুলিও ভক্তসকলে গণ্য কৰে। হিন্দু ধৰ্মত সোমবাৰটো দেৱাদিদেৱ মহাদেৱৰ নামত উচৰ্গা কৰা হয়। শাওন মাহটো ভগৱান শিৱৰ প্ৰিয় মাহ। ইয়াৰ লগে লগে শাওনৰ সোমবাৰৰ মংগল দুগুণ বৃদ্ধি পায় আৰু প্ৰতি সোমবাৰেই এক গুণী ব্ৰতত পৰিণত হয়। সেইবাবেই শাওনৰ সোমবাৰক অতি বিশেষ বুলি গণ্য কৰা হয়। শাওনৰ সোমবাৰে ৰীতি-নীতি অনুসৰি ভগৱান শিৱৰ পূজা আৰাধনা কৰিলে সকলো ধৰণৰ গ্ৰহৰ দোষ দূৰ হয় বুলি বিশ্বাস কৰা হয়। ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰি জীৱনত ধন-সম্পত্তি আৰু সৌভাগ্য বৃদ্ধি পায়। শাওন মাহ সোমবাৰসমূহ নিয়ম অনুসৰি পালন কৰিলে প্ৰভুৰ কৃপাদৃষ্টি লাভ কৰে বুলি কোৱা হয়। সোমবাৰে ৰাতিপুৱা সোনকালে উঠি গা ধুই ওচৰৰ যিকোনো শিৱ মন্দিৰ বা মন্দিৰত ভগৱান শিৱৰ দৰ্শন কৰিব। ইয়াৰ পিছত ভগৱান শিৱৰ ঐশ্বৰিক ৰূপ শিৱ লিংগক গংগাজল, গাখীৰ বা পৰিষ্কাৰ ঠাণ্ডা পানীৰে অভিষেক কৰক। শিৱলিংগত ফুল, বেলপাত, ধতুৰা আৰু শণ পাত আগবঢ়াব। সোমবাৰৰ দিনটোতশিৱ চলিছা পাঠ কৰি শিৱমন্ত্ৰ জপ কৰক। ভগৱান শিৱৰ আৰতি কৰাৰ পিছত ভগৱান...
Recent posts

হনুমান চালিছা নো কি জাঁনো আহ'ক।

   হনুমান চালিছা নো কি  জাঁনো আহ'ক। G Newhttps://youtu.be/T8oIMpW7oF0?si=vU0ohPlNU2Snu5w6s 24  প্ৰভু শ্ৰা ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ১৬ শতাব্দীত কবি তথা দার্শনিক তুলসী দাসে হনুমান চালিছা ৰচনা কৰিছিল। মান্যতা অনুসৰি তুলসী দাসে ৰুগীয়া অৱস্থাত প্ৰভু শ্ৰী ৰাম চন্দ্ৰৰ ভ হনুমানৰ গুণ বৰ্ণনা কৰি ১৬ শতাব্দীত কবি তথা দার্শনিক তুলসী দাসে হনুমান চালিছা ৰচনা কৰিছিল৷ মান্যতা অনুসৰি তুলসী দাসে ৰুগীয়া আৱস্হাত পাঠ কৰে। বিশেষকৈ মঙলবাৰৰ দিনা হনুমান চালিছা পাঠ কৰিলে মনে বিচৰা ফল লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয় আচলতে হনুমান চালিছা পাঠ কৰিবলৈ কোনো বিশেষ নিয়মৰ আৱশ্যক নহয় কিন্তু কেইটামান সৰু সৰু কথা ধ্যান ৰখাটো অতি জৰুৰী হিন্দু ধৰ্ম অনুসৰি হনুমানক পূজা কৰিলে শুভ ফলৰ প্রাপ্তি হয়। বিশ্বাস কৰা হয় যে হনুমানৰ পূজা কৰিলে মানুহৰ হনুমানৰ পূজা কৰিলে মানুহৰ সমষ্ট দুখ-কষ্ট, ৰোগ-ব্যাধি দূৰ হয়৷ সেইবাবেই হনুমানৰ ভক্তসকলে তেওঁক প্রসন্ন কৰিবলৈ বিভিন্ন প্ৰকাৰে উপায় কৰে। মান্যতা অনুসৰি যি মনুষ্যই ভগৱান হনুমানৰ পূজা কৰে, সেই মনুষ্যৰ জীৱন সুখ-সমৃদ্ধি, ধন-সম্পত্তি আৰু ইতিবাচক শক্তিৰে ভৰি পৰ...

কাৰ পৰশ,Kar Porokh Lyrics

https://youtube.com/@Gb_music_asom কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা-মিঠা এশাৰী মাত জীয়াই থাকিবলে লাগে আমাক হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাহ কামিহাড় ভাঙি যোৱা বতাহ লাগে জানো আমাক  বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি । ঠুনুকা এই জীৱনতে এমুঠি হাঁহি পাবলে যে টান থকা হাঁহিকণ নোহোৱা হ’লেই সকলোখিনি হ’ব অৱসান নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগা আৰু জগোৱা চকু মেলি চোৱা পৰভাত হৃদয়ৰ পৰা দিয়া মাত বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি । সপোনৰে ৰং দুচকুতে লৈ কত যে শিশু আছে আশা লৈ নতুন আহিব, জোৱাৰ আনিব শান্ত সুন্দৰ ফুলনি হৈ নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগা আৰু জগোৱা চকু মেলি চোৱা পৰভাত হৃদয়ৰ পৰা  দিয়া মাত বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি ।।

ভগৱান (কবিতা)

Gautam bhuyan ভগৱান   ভগৱান তােমাক কৰিছে। হেজাৰ প্রণাম তুমিয়েই হােৱা আমাৰ আশাৰ ভৰাল। নাজানাে মই তােমি ক'ত আছা স্বৰ্গত নে মৰতত তথাপি লিখিছোঁ মই কবিতা তােমাৰ বাবে। দুখ বোৰ আতৰাই সুখ দিয়া হে ভগৱান তােমাৰ জ্ঞানৰ পােহৰেৰে পােহৰাই তুলা আমাক। তােমাৰ প্রেৰণাতে মই তােমাক লৈ লিখিছে কবিতা নতুন প্ৰতিভাৰ উৰুলিৰে তুমিয়ে দিয়া আমাক আশীৰ্বাদ।।

অনুভব (কবিতা)

Gautam bhuyan অনুভৱ যেতিয়া মই অকলশবীয়া হওঁ, তেতিয়া তােমাৰ অনুভব হয়। যেতিয়া কেতিয়াবা বেয়া কাম কৰিবলৈ লও, তেতিয়া তােমাৰ অনুভব হয়। অকস্মাৎ কেতিয়াবা মবাইলটো কিৰিংকৈ বাজি উঠিলে তেতিয়া তােমাৰ অনুভব হয়। উফুচ, মিছাতেই দিনবােৰ পাৰ কৰিলোঁ নেকি? তােমাৰ পিছত দৌৰি। এতিয়া যেন শূন্যহীনতাৰ ষ্টেচনত। য'ত জনসমাজ নাই। চাৰিওফালে মাথাে শূন্যতাই শূন্যতা। এতিয়া পিছে অনুভব কৰিবলৈ মােৰ একো নাই আছে মাথাে, শূন্যতা, শূন্যতা, শূন্যতা।

মই ও‌ লিখিম কবিতা(কবিতা)

লিখিম নেকি কবিতা লিনেকি কবিতা! মইয়ো, লিখিম নেকি কবিতা?? অভিধানৰ পৰা  অৰ্থ ভাগিব নোৱাৰা শব্দ বোৰ লৈ!! লিখিম নেকি কবিতা?? যি কবিতাত থাকিব মাথোঁ হৃদয় ভগা বেথা! নে থাকিব ফাগুনৰ কথা! মইয়ো, লিখিম নেকি কবিতা?? নে লিখি যাম জীৱন সংগ্ৰামৰ কীয়দাং! অভিধানৰ পৰা  গধুৰ গধুৰ শব্দবোৰ তুলি, লিখিম নেকি কবিতা!! মইয়ো, হয় যাম নেকি কবি?? ✍️✍️✍️ অনুপ ডেকা ০৮/০৩/২০২০

বেদনা

Gautam bhuyan                                   বেদনা                 ___________________ কিয় তুমি গুচি গ'লা দেউতা বেদনাৰ আশ্ৰু দি। এতিয়া কেনেকৈ জীয়াই থাকিম   তুমাৰ আবিহনে মই যে আধৰুৱা।। কিয় কথা দিছিলা তুমি আহিম বুলি কি পালা তুমি এতিয়া বননি ঘুৰি। ওলাই গৈছিলা শান্তি বিচাৰি মাথো পালা বন্দুকৰ গুলি।। তুমি উভতি আহিবা বুলি বাৰে বাৰে পদুলিৰ মুখলৈ চাওঁ । কিন্তু এদিন আহিলা মাথো ফুলৰ  মালাই আৰি আনা তোমাৰ মৃতদেহ।।