Gautam bhuyan অনুভৱ যেতিয়া মই অকলশবীয়া হওঁ, তেতিয়া তােমাৰ অনুভব হয়। যেতিয়া কেতিয়াবা বেয়া কাম কৰিবলৈ লও, তেতিয়া তােমাৰ অনুভব হয়। অকস্মাৎ কেতিয়াবা মবাইলটো কিৰিংকৈ বাজি উঠিলে তেতিয়া তােমাৰ অনুভব হয়। উফুচ, মিছাতেই দিনবােৰ পাৰ কৰিলোঁ নেকি? তােমাৰ পিছত দৌৰি। এতিয়া যেন শূন্যহীনতাৰ ষ্টেচনত। য'ত জনসমাজ নাই। চাৰিওফালে মাথাে শূন্যতাই শূন্যতা। এতিয়া পিছে অনুভব কৰিবলৈ মােৰ একো নাই আছে মাথাে, শূন্যতা, শূন্যতা, শূন্যতা।