Skip to main content

অনুভব (কবিতা)

Gautam bhuyan
অনুভৱ
যেতিয়া মই অকলশবীয়া হওঁ,
তেতিয়া তােমাৰ অনুভব হয়।
যেতিয়া কেতিয়াবা বেয়া কাম কৰিবলৈ লও,
তেতিয়া তােমাৰ অনুভব হয়।
অকস্মাৎ কেতিয়াবা মবাইলটো কিৰিংকৈ বাজি উঠিলে
তেতিয়া তােমাৰ অনুভব হয়।
উফুচ, মিছাতেই দিনবােৰ পাৰ কৰিলোঁ নেকি?
তােমাৰ পিছত দৌৰি।
এতিয়া যেন শূন্যহীনতাৰ ষ্টেচনত।
য'ত জনসমাজ নাই।
চাৰিওফালে মাথাে শূন্যতাই শূন্যতা।
এতিয়া পিছে অনুভব কৰিবলৈ মােৰ একো নাই
আছে মাথাে, শূন্যতা, শূন্যতা, শূন্যতা।

Comments

Popular posts from this blog

ভগৱান (কবিতা)

Gautam bhuyan ভগৱান   ভগৱান তােমাক কৰিছে। হেজাৰ প্রণাম তুমিয়েই হােৱা আমাৰ আশাৰ ভৰাল। নাজানাে মই তােমি ক'ত আছা স্বৰ্গত নে মৰতত তথাপি লিখিছোঁ মই কবিতা তােমাৰ বাবে। দুখ বোৰ আতৰাই সুখ দিয়া হে ভগৱান তােমাৰ জ্ঞানৰ পােহৰেৰে পােহৰাই তুলা আমাক। তােমাৰ প্রেৰণাতে মই তােমাক লৈ লিখিছে কবিতা নতুন প্ৰতিভাৰ উৰুলিৰে তুমিয়ে দিয়া আমাক আশীৰ্বাদ।।

বেদনা

Gautam bhuyan                                   বেদনা                 ___________________ কিয় তুমি গুচি গ'লা দেউতা বেদনাৰ আশ্ৰু দি। এতিয়া কেনেকৈ জীয়াই থাকিম   তুমাৰ আবিহনে মই যে আধৰুৱা।। কিয় কথা দিছিলা তুমি আহিম বুলি কি পালা তুমি এতিয়া বননি ঘুৰি। ওলাই গৈছিলা শান্তি বিচাৰি মাথো পালা বন্দুকৰ গুলি।। তুমি উভতি আহিবা বুলি বাৰে বাৰে পদুলিৰ মুখলৈ চাওঁ । কিন্তু এদিন আহিলা মাথো ফুলৰ  মালাই আৰি আনা তোমাৰ মৃতদেহ।।